আবেগ 🥹
-----------------------------------
তই যাগৈ বোপাই।
গৰিমা আৰু মই
থাকিম কিবাকৈ,
মাৰে তোক বিচাৰিছে,
বহুত বছৰ ভনীয়েৰেও
দেখা নাই,
যা খবৰ লৈ আহগৈ,
মাৰৰ ভাগৰুৱা মনটো শীতল কৰিবি,
ভনীয়েৰৰ অভিমানবোৰ ভাঙিবি,
মই আৰু গৰিমাই
তহত তিনিওকে চাই ৰম,
মৰতৰ পৰা
আকাশত জিলিকি থাকিবি তিনিও,
মায়াবিনী ৰাতি এই পাপুয়ে
বিচাৰিব তোক,মাৰক,
মৰমৰ জংকীজনীক।
ময়ো যামগৈ
তহতৰ কাষলৈ,
বেচেৰীয়ে অলপ সাহস পাওক।
ভগবানক কবি,
যাতে আমি আকৌ
এই মৰতত পুনৰ একলগ হও।
এটি পৰিয়াল,
য'ত তই, মই,মাৰা আৰু
ভনীয়েৰহত থাকিব।
তই জুবিন হৈ পুনৰ ধৰালৈ অহালৈ
হয়তো মই
মাৰৰ কাষত থাকিম ।
পাৰিলে তই সোনকালে আহিবি,
বহুত কাম থাকিল তোৰ,
অসমীয়াৰ তোৰ প্ৰয়োজন আছে।
অসমত তোৰ আবেগ আছে।
পাৰ যদি সোনকালে ছুটী লৈ
গৰিমাৰ কাষলৈ আহিবি।
Social Media
You May Also Like
Loading...
