ৰাইজৰ ৰজা:- Zubeen Garg

How many songs are written by Zubeen Garg, Why did Zubeen leave Bollywood, What is the religion of Zubeen Garg, What happened with Zubeen Garg?,

উত্তৰ প্ৰজন্মৰ বাবে এজন ৰজাৰ ৰজাৰ কাহিনী

                                           সকলোৱে সাঁচি থওক সেই "ৰাইজৰ ৰজা"ৰ কাহিনী।
   অসমত এজন ৰজা আছিল। ৰাইজৰ ৰজা। জাতি-ধৰ্ম, বৰ্ণ-লিংগ, মাটি-ভেটিৰ উৰ্দ্ধত। ঘেণ্টাও কাকো খাটিৰ নকৰা ৰজা। সেই ৰজা বহুত ধনী আছিল। 

 মনৰ-ধনৰ-সমাজৰ। তেওঁ ইমানেই ধনী আছিল, তেওঁৰ আশে-পাশে, তেওঁৰ কাষলৈ যোৱা মানুহবোৰ ধনী হৈ উভতিছিল। সেই ৰজাই সজা নিজৰ কোনো ঘৰ নাছিল। তেওঁ মানুহৰ হৃদয়ত ঘৰ সাজিছিল।
সেই ৰজাৰ কোনো সন্তান নাছিল। অসমৰ লাখ লাখ সন্তান তেওঁৰ বুকুত সন্তান হৈ খোদিত হৈছিল।

সেই ৰজাই গানেৰে জীৱন ৰচিছিল। প্ৰায় অৰ্ধ লক্ষ গান গোৱা ৰজাই চিনেমা কৰিছিল, গান লিখিছিল , মানুহে ভাল পোৱাকৈ কথা কৈছিল।
সেই ৰজাৰ মৃত্যুৰ সময়ত গাবলগীয়া গান ৰজাই নিজেই লিখি গাই থৈ গৈছিল। ৰজাৰ মৃত্যুত ৰাইজে চিঞৰি চিঞৰি সেই গান গাইছিল।নিজেই সজা ঘৰ মাটি নথকা ৰজাৰ মৃত্যুত গোটেই অসমে ৰজাক মাটি দিবলৈ হেতা-ওপৰা কৰিছিল । সন্তান নথকা ৰজাৰ মৃত্যুত ৰজাৰ কোটি কোটি সন্তানে চিতাৰ কাষত উচুপি আছিল।

 ৰজাক সন্তানৰ দৰে লালিত কৰা ৰজাৰ এজনী সাহসী ৰাণী আছিল। ৰজাৰ মৃত্যুত সেই ৰাণীয়ে ৰজাই লিখি থৈ যোৱা গানটো গাইছিল। সেই সাহসী ৰাণীয়ে ৰজাৰ মৃত্যুত কান্দোনত ভাগি পৰা সন্তানক বুকুত সোমোৱাই আশ্বাস দিছিল।

অসমক লৈ গৰ্ব কৰা ৰজা, সেই ৰজাৰ মৃত্যুত অসম স্তব্ধ হৈ গৈছিল। ৰাজ্যৰ ৰীতি-নীতি, আইন-প্ৰশাসন সকলো তল পৰিছিল। এদিন দুদিনকৈ পাঁচ -ছয়টা দিন মানুহৰ গতানুগতিক জীৱন ৰৈ গৈছিল। ৰজাক ভালপোৱা মানুহে ৰজাৰ মৃত্যুত খাব পৰা নাছিল,বহু নিশা শুব পৰা নাছিল।ৰজাৰ মৃত্যুত কোনো হিন্দু , মুছলমান, শিখ, খ্ৰীষ্টান, অসমীয়া, বঙালী, মিছিং, কাৰ্বি ইত্যাদি ইত্যাদি য়ে কন্দা নাছিল। মানুহে কান্দিছিল।

ৰজাৰ মৃত্যুত মন্ত্ৰী - মোদাগৰ, চাকৰিয়াল - ব্যৱসায়ী, ৰিক্সাৱালা, থেলাৱালা, গায়ক-অভিনেতা, জেষ্ঠ্য -কণিষ্ঠ ইত্যাদি ইত্যাদি য়ে কন্দা নাছিল। মানুহে কান্দিছিল।সেই ৰজাৰ মৰা শ য়ে আকাশ, সাগৰ, পানী-মাটি, জুই , গছ, জন্তু, চৰাই , মানুহ সকলোতে ঘূৰি ফুৰিছিল, সকলোকে স্পৰ্শ কৰিছিল।
সকলোকে ভাল পোৱা অসমৰ ৰাইজৰ ৰজাৰ চিতাৰ কাষত শুনা গৈছিল

                                         ____জয় জুবিন দা , জয় জুবিন দা......
                                  ৰজাই লিখি যোৱা গান- মায়াবিনী ৰাতিৰ কোলাত... 💖🙏
                              --সুৰচনা।  গীতত, সপোনত, হৃদয়ত.. জুবিন দা অমৰ 🙏

1 comment

  1. Joi Zubeen da
Cookie Consent
Pranjal Priyom serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.