জুবিন যে কিমান যে নিভাঁজ মানুহ তাৰ কাহিনী এটা লিখিম। সেইয়া ২০০৭ চনমানৰ কথা, মোৰ সংগীতজ্ঞ বন্ধু গুৱাহাটীৰ ভদ্ৰকান্ত দাসে কিবা এটা সংগীতৰ কাম লৈ মুম্বাইলৈ আহিছিল আৰু জুবিনৰ আন্ধেৰীৰ ঘৰটোৰ ওচৰতে থকা এটা ল'জত আছিল। তাৰ মাজতে ভদ্ৰই এদিন আহি অসম ভৱনত মোক লগ কৰি যায় আৰু মোৰ তাৰ পৰাই জুবিনৰ লগত ফোনত কথা পাতি কয় --- " তই কাইলৈ নিশা ভাত খোৱাকৈ জুবিনৰ তালৈ আহিবি, সি ভাত খোৱাকৈ মাতিছে ।" কথামতে কাম, মই আহিম বুলি কৈ দিলোঁ আৰু মই জুবিনৰ ঘৰলৈ যাম বুলি গম পোৱাত জয়ন্ত বৰ্মনে মোৰ লগত লাগি থাকিল যে তাকো জুবিনৰ তালৈ লৈ যাব লাগে। আচলতে জুবিনৰ লগত বাৰু কোনে চিনাকি হ'বলৈ নিবিচাৰে! মই আৰু জয়ন্তই সন্ধিয়া ৱাচীৰ পৰা ওলাই গ'লোঁ আৰু সন্ধিয়া ৮:৩০ মান বজাত জুবিনৰ আন্ধেৰীত থকা ঘৰ গৈ পালোঁ। আমি যোৱাৰ পিছত জুবিনৰ পত্নী গৰিমাই বৰ সুন্দৰকৈ নিজে কিবাকিবি বনাই চাহ খুৱালে। আমি গৈ পোৱাৰ সময়ত জুবিন ঘৰত নাছিল, কিবা এখন চিনেমাৰ কামৰ বাবে এগ্ৰিমেণ্টত স্বাক্ষৰ কৰিবলৈ ভদ্ৰৰ লগত ওলাই গৈছিল। সেইসময়ত গৰিমাই আমাক সংগ দিছিল। এইদৰে কিছু সময় অপেক্ষা কৰাৰ পিছত নিশা ১০ বজাৰ পিছত জুবিন আৰু ভদ্ৰ আহি ওলাল। আমি প্ৰায় নিশা ১১ বজালৈ জুবিনৰ লগত আড্ডা মাৰিলোঁ, কিন্তু তেতিয়াও ভাত খোৱাৰ কোনো উমঘামেই দেখা নাপালোঁ। তেতিয়া মই মনে মনে ভদ্ৰক এচুকত লৈ গৈ সুধিলোঁ,---- " ঐ ভদ্ৰ, তইতো মোক কালি ভাত খোৱাকৈ মাতিছিল বুলি কৈছিলি, কিন্তু এতিয়া ১১ বাজি গ'ল, ভাতৰ কোনো নাম-গোন্ধই নাই, তই কি কৱ ? " তেতিয়া ভদ্ৰই ক'লে, ----- " তই পুৱতি নিশা ৩-৪ বজালৈ থাকিব পাৰিবি নে ? কালি মই ৩:৩০ বজাত ভাত খাইছোঁ। ই নিশাচৰ ------ ৰাতি কাম কৰিব, ৰাতিপুৱা ভাত খাব। তই এটা কাম ক'ৰ, ইয়াৰ ইমান মনত নাই, তই ওলাই যা। " ভদ্ৰৰ কথামতে আমি ১১:৩০ মান বজাত জুবিনৰ ঘৰৰ পৰা ওলাই আহিলোঁ। ইফালে মই আৰু জয়ন্তই ঘৰত ফিতাহি মাৰি জুবিন গাৰ্গৰ ঘৰত ভাত খাম আৰু আমাৰ বাবে ঘৰত ভাত বনাব নালাগে বুলি কৈ আহিছিলোঁ। পিছে তেতিয়া কি কৰোঁ ? জয়ন্তই গাড়ীত আহি থাকোঁতে ৰাতি অসম ভৱনৰ কেণ্টিনলৈ ফোন কৰি দুকাঁহী ভাত আমাৰ বাবে ৰাখি থবলৈ ক'লে আৰু নিশা ১২:৩০ - ১:০০ মান বজাত আহি অসম ভৱনৰ কেণ্টিনত ঠাণ্ডা ভাত খালোঁ। আনে হোৱাহেঁতেন জুবিনৰ এই কথাত কিজানি বেয়াই পালেহেঁতেন, কিন্তু মই বৰ ৰস পালোঁ। কাৰণ জুবিনে কথাটো ইমান দকৈ ভবা নাছিল, ত্ৰিনয়ন আহিছে থাকিব আৰু, আমি ৰাতি একেলগে খাম। পিছে জুবিনৰ শোৱা আৰু খোৱাৰ সময় আনৰ লগত নিমিলে।। জুবিনে এইবোৰ কথা ইমান দকৈ ভাবি নাচায়, একদম সৰু ল'ৰাৰ দৰে মন। এই কথা কৈ আজিও মই আৰু ভদ্ৰই কেতিয়াবা হাঁহো, এইয়াই হৈছে শিশু সুলভ মনৰ জুবিন গাৰ্গ। এতিয়া আপোনালোকেই এবাৰ ভাবি চাওক এই জুবিন গাৰ্গ নামৰ নিষ্পাপ শিশু সুলভ মনৰ ল'ৰাটোৰ জীৱন কোনোবাই কাঢ়ি লোৱাৰ আগতে এবাৰো সিহঁতৰ হাত নকঁপিল নে ? যিয়েই জুবিনৰ দৰে মহান পুণ্যত্মাৰ লগত কেনেকৈ ইমান অন্যায় কৰিব পাৰিলে ? আজি বিশ দিন হ'ল, গোটেই অসমবাসীয়ে না ভালকৈ খাবলৈ পাৰিছে নে শুবলৈ পাৰিছে ? অসমৰ ৰাইজৰ চকুলোৰ মূল্য অথলে নাযায়। সেই পাপীষ্ঠকেইটা আৰু সিহঁতক নিদোষী সজাবলৈ সহায় কৰাকেইটাৰ গাৰ মঙহ খহি খহি পৰিব। এইয়া গোটেই অসমৰ ৰাইজৰ অভিশাপ। কেৱল এইমূহূৰ্তত অসমৰ প্ৰতিজন অসমীয়াই অৰ্জুনৰ দৰে হ'ব লাগিব। আমাৰ প্ৰত্যেকৰে লক্ষ্য হ'ব লাগিব ----- জুবিন গাৰ্গৰ ন্যায়। বহুতেই আমাক এইমূহূৰ্তত পথভ্রষ্ট কৰিবলৈ চেষ্টা কৰিব। কিন্তু গোটেই অসমৰ ৰাইজ একত্ৰিত হৈ থাকিব লাগিব। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গে ন্যায় নোপোৱা মানে গোটেই অসমীয়া জাতিটোৰ প্ৰতি অন্যায়। আমাৰ সকলোৰে ন্যায়পালিকা আৰু অসম পুলিচৰ ওপৰত আমাৰ আস্থা আছে। আশা কৰোঁ অতি শীঘ্ৰে দোষীয়ে পাব।
You May Also Like
Loading...